---Advertisement---
---Advertisement---

অসমীয়া আবেদন লিখাৰ নিয়ম | Assamese Application

By DAINIK SAKORI

Updated On:

---Advertisement---

অসমীয়া আবেদন লিখাৰ নিয়ম |Assamese Application

অসমীয়া আবেদন লিখাৰ নিয়ম-Assamese Application
অসমীয়া আবেদন লিখাৰ নিয়ম

আৱেদন পত্ৰ হৈছে এক নিৰ্দিষ্ট ব্যক্তি বা সংগঠনক যিকোনো অনুৰোধ কৰিবলৈ লিখা এক আনুষ্ঠানিক পত্ৰ, আবেদন ছুটিৰ বাবে, চাকৰিৰ বাবে বা বিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন, প্ৰকল্প এটা সম্প্ৰসাৰণৰ বাবে আবেদন বা প্ৰতিবেদন হ’ব পাৰে।সকলো চিঠিপত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোতে কিছুমান সাধাৰণ নীতি নিয়ম মানি চলা উচিত।তেনে কিছুমান সাধাৰণ নিয়ম তলত উল্লেখ কৰা হল।

  • সকলো চিঠিপত্ৰ লিখোঁতে সদায় মাৰ্জিত ভাষাত সহজ সৰল কৈ লিখিব লাগে।
  • পৰিষ্কাৰ আৰু শুদ্ধ বানানত লিখিব লাগে
  • চিঠি বা আবেদন লিখাৰ আগতে মূল বিষয়বোৰ মনতে বা আন এখন কাগজত টুকি লব লাগে যাতে মূল বিষয়বোৰ থাকি নাযায়।
  • চিঠিপত্ৰৰ অংগসজ্জা নিয়মবোৰ মানি চলি উপযুক্ত স্থানত চিঠিৰ অংগ বোৰ সন্নিবিষ্ট কৰিব লাগে
  • চিঠিপত্ৰ বোৰ সাধাৰণতে বিষয় অনুসৰি ভদ্ৰ, বিনয়ী ভাষাত আৰু উপযুক্ত সন্মান প্ৰদৰ্শন কৰি উপযুক্ত শব্দ ব্যৱহাৰ কৰি লিখিব লাগে।
  • চিঠিত স্পষ্ট কৈ দুয়োপক্ষৰে নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ যথাস্থানত উল্লেখ কৰিব লাগে
  • চিঠিপত্ৰ যদি উৰ্ধতম কৰ্তৃপক্ষ লৈ লিখা হয় তেন্তে সদায় উপযুক্ত সন্মান প্ৰদৰ্শন কৰি লিখিব লাগে
  • চিঠি পত্রত সদায় তাৰিখ আৰু স্থান উল্লেখ কৰা উচিত।

তলত কেইখনমান আবেদন পত্ৰৰ আৰ্হি আপোনালোকৰ সুবিধা হোৱাকৈ উল্লেখ কৰিছোঁ।

জ্বৰ হোৱা বাবে বিদ্যালয়ত তিনিদিন অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন(Leave Application for Fever in Assamese)

প্ৰতি

মাননীয় প্রধান শিক্ষক/প্রধান শিক্ষয়িত্রী মহোদয়/ মহোদয়া

______________ বিদ্যালয়

বিষয়ঃছুটী মঞ্জুৰৰ আবেদন

মহোদয়/ মহোদয়া

     বিনীত নিবেদন এই যে, মােৰ পুত্র/কন্যা শ্ৰীমান/ শ্ৰীমতী__________ ক/খ শাখাৰ ছাত্র/ছাত্রী, ক্রমিক নং______আপােনাৰ বিদ্যালয়ত জ্বৰ হোৱা কাৰণে যোৱা ইং _____ তাৰিখৰ পৰা তাৰিখলৈ শ্রেণীত উপস্থিত থাকিব নােবাৰিলে।

    সেয়েহে মহােদয়ক/মহােদয়াক অনুৰোধ জনাও যে, উক্ত দিনবােৰৰ বাবে ছুটী মঞ্জুৰ কৰে যেন।

                                                                                          আপােনাৰ বিশ্বাসী

                                                                                        নাম

                                                                                        ঠিকনা-      

বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন (Leave Application After being Absent in School in Assamese)

প্ৰতি

মাননীয় প্ৰধান শিক্ষক মহোদয়।

——-বিদ্যালয়ৰ 

বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। 

তাৰিখ:- 

মহোদয়, 

            বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ….তাৰিখৰ পৰা …. তাৰিখলৈ ….দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।

গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি।

ইতি

——————

মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী 

নাম:- শ্ৰী/শ্ৰীমতী–

শ্ৰেণী:—

ৰোল নং :—

অভিভাৱকৰ চহী:-

চৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্র (Application For Character Certificate)

প্ৰতি

প্রধান শিক্ষক/শিক্ষয়ত্রী

________ বিদ্যালয়

বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্র

মহোদয়/ মহোদয়া

       বিনীত নিবেদন এই যে মই আপােনাৰ বিদ্যালয়ৰ প্রাক্তন ছাত্র/ছাত্রী। মই যোৱা ______ চনত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীর্ণ হৈছিলাে। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ অন্যান্য খেল ধেমালিত, সাংস্কৃতিক কাৰ্যসূচী ত অংশ গ্রহণ কৰিছিলাে‌।

বর্তমান মই ______ কলেজত ______ বিভাগত পঢ়ি আছাে। সম্প্রতি চাকৰীৰ আবেদন কৰাৰ বাবে মোক চৰিত্ৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হৈছে।আশাকৰো অতি সােনকালে মােক উক্ত প্রমাণ পত্রখন প্রদান কৰি বাধিত কৰিব।

                                                                                               আপােনাৰ বিশ্বাসী

জন্মৰ প্রমাণ পত্রৰ বাবে পৌৰনিগমৰ/ চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত আবেদন।

প্ৰতি,

জন্ম পঞ্জীয়ক

পৌৰ নিগম/ চিকিৎসালয় কৰ্তৃপক্ষৰ

বিষয়ঃজন্মৰ প্রমাণ পত্রৰ বাবে আবেদন

মহাশয়,

      যথাবিহিত সম্মানপূর্বক নিবেদন এই যে, মােৰ পুত্র/পুত্ৰী শ্রীমান/ শ্ৰীমতী__________ যোৱা ______ তাৰিখে এই চহৰৰ _____ অঞ্চলত জন্ম গ্রহণ কৰে। সেই মতে সেই সময়ত তাৰ জন্ম আপােনালােকৰ কাৰ্য্যলয়ত নথিভূক্ত কৰা হয়। এতিয়া তাক স্কুলত ভর্তি কৰিব লগা হােৱা বাবে জন্মৰ প্রমাণ পত্রৰ আৱশ্যক হৈছে।

      সেয়েহে মহোদয়ৰ ওচৰত মােৰ অনুৰোধ, অনুগ্রহ কৰি তাৰ জন্মৰ প্রমাণ পত্রখন দিয়ে যেন।আশা কৰাে, মােৰ প্রয়ােজনৰ কথা বিবেচনা কৰি অবিলম্বে প্রয়ােজনীয় ব্যবস্থা গ্রহণ কৰিব।

                                                                  ধন্যবাদ

আবেদনকাৰীৰ ঠিকনা     

                                                                                                                আপােনাৰ বিশ্বাসী

চাকৰি এঠাইৰ পৰা আন ঠাইলৈ বদলিৰ কাৰণে আবেদন।

প্ৰতি

মাননীয়/ মাননীয়া

পার্চনেল মুভমেন্ট বিভাগ (হেড অফিচ)

আঞ্চলিক প্ৰবন্ধকৰ জৰিয়তে

বিষয়ঃ __________ স্থানলৈ স্থানান্তকৰণ

মহাশয়,

   সন্মান সহকাৰে আপোনাক জনাব বিচাৰো যে মই শ্ৰী/শ্ৰীমতী _______ এজন ________ পদৰ কৰ্মচাৰী হিচাপে _____ শাখাত সেৱা আগবঢ়াই আহিছোঁ। যোৱা ইং ________ তাৰিখে মোৰ তথা আমাৰ পৰিয়ালটো স্থায়ীভাৱে _________ অঞ্চলত থাকিবৰ বাবে ব্যবস্থা কৰা হল। মোৰ পৰিয়ালৰ সকলো সদস্য বৰ্তমান নতুনকৈ সজা স্থায়ী ঘৰটোত বাস কৰি আছে। সেয়েহে মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ বিভাগৰ ________ অঞ্চলৰ কাৰ্যালয়ত মোৰ চাকৰিটো স্থানান্তৰিত কৰি মোৰ তথা মোৰ পৰিয়ালক উপকৃত কৰি দিয়ে যেন। ধন্যবাদ

                                               আপােনাৰ বিশ্বাসী

                 শ্ৰী/ শ্ৰীমতী_____

অফিচৰ কর্তৃপক্ষলৈ দিয়া পদত্যাগ পত্ৰ

প্ৰতি 

মাননীয় পৰিচালক মহোদয়

_____________প্ৰতিষ্ঠান

বিষয়ঃপদত্যাগ পত্ৰ

মহাশয়,

     বিনীত নিবেদন এই যে, মােৰ কিছুমান এৰাব নােৱাৰা পাৰিবাৰিক কাৰণত মই মােৰ বর্তমান চাকৰি এৰিবলৈ বাধ্য হৈছাে। গতিকে মোক মোৰ কর্তব্যৰ পৰা অব্যাহতি দিবৰ কাৰণে অনুৰোধ জনালাে।

    গতিকে মহোদয়ে মোক এই মাহৰ দৰমহাৰ লগতে মই পাবলগীয়া সকলো বিলাক ভৱিষ্যত নিধিৰ ধন অহা ____ তাৰিখৰ ভিতৰত মুকলি কৰি দিবলৈ অনুৰোধ জনালোঁ। 

                                                             ধন্যবাদ

                                                                                      আপোনাৰ বিশ্বাসী

                                                                                      নাম

চাকৰিত যোগদান সন্দৰ্ভত ( Job joining report Assamese Application)

প্ৰতি,

 মাননীয়/মাননীয়া (বিভাগৰ মুখ্য বিষয়াৰ পদৰ নাম আৰু ঠিকনা যালৈ পঠিয়াব লাগে)

মাননীয় (যোগদান কৰা কাৰ্যালয়ৰ মুখ্য বিষয়াৰ পদৰ নাম) যোগেদি

বিষয়: চাকৰিত/পদত যোগদান সন্দৰ্ভত

মহোদয়/মহোদয়া

  সন্মান সহকাৰে আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে memo no ___________ আদেশ অনুসৰি________(বিভাগৰ নাম) বিভাগৰ দ্বাৰা মোক ______ (কাৰ্যালয়ৰ নাম) _______(পদৰ মন) পদত নিযুক্তি দিছে। উক্ত আদেশ অনুসৰি আজি ইং______(তাৰিখ) তাৰিখে পুৱা __(সময়) বজাত কামত যোগদান কৰা হয়।

ইতি

মহোদয়ৰ/মহোদয়াৰ বিশ্বাসী

চাকৰি প্ৰাৰ্থীৰ আবেদন/চাকৰি বিচাৰি আবেদন  | How to Write Job Application In Assamese

প্ৰতি,

মাননীয় পৰিচালক মহোদয়

…..বিভাগ।

বিষয়:-চাকৰিৰ বাবে আবেদন।

তাৰিখ..

মহোদয়/মহোদয়া,

যোৱা ইংৰাজী 11/05/20 তাৰিখৰ নিয়োগ বাৰ্তা কাকতৰ এটি বিজ্ঞানত আপোনালোকৰ প্ৰতিষ্ঠানত এটি পদৰ বাবে অভিজ্ঞ এজন প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰিছো।উক্ত পদৰ বাবে মই নিজকে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালো।মোৰ শিক্ষা গত অৰ্হতা  স্নাতক উত্তীৰ্ণ লগতে এবছৰীয়া কম্পিউটাৰ ডিপ্লমা সমাপ্ত কৰিছোঁ।বৰ্তমান এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ তিনি বছৰীয়া অভিজ্ঞতা আছে।মোৰ বিশ্বাস আপোনালোকৰ প্ৰতিষ্ঠানত মই নিষ্ঠাৰে কাম কৰি আগুৱাই লৈ যাম।

মই মোৰ সকলো ধৰণৰ যাৱতীয় তথ্য উল্লেখ কৰিলোঁ।অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই কোন দিনা সাক্ষাৎকাৰ হয় মোক জনাব বুলি আশা কৰিলোঁ।

ধন্যবাদ

আপোনালোকৰ বিশ্বাসী

নাম

ফোন নাম্বাৰ

তাৰিখ

শিক্ষাগত অৰ্হতা

চার্টিফিকেট বিচাৰি আবেদন (Assamese Application For Certificate)

প্ৰতি
মাননীয় প্ৰধান অধ্যাপক মহোদয়
_____________হাইস্কুল 
দিনাংক-10/06/2021
বিষয়- বিদ্যালয় ত্যাগৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন
       
মহোদয়,
             বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী হও মই ইং 2017 বৰ্ষত আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছিলো কিন্তু মোৰ ব্যক্তিগত সমস্যাৰ বাবে মই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা অষ্টম শ্ৰেণীৰ পৰা ত্যাগ কৰিব লগীয়া হলমহোদয়, বৰ্তমানে মোক স্কুল এৰাৰ প্ৰমাণ পত্ৰ খনৰ আৱশ্যকগতিকে মহোদয়ে মোৰ ভুল-ক্ৰুটি মাৰ্জনা কৰি মোক প্ৰমাণ পত্ৰ খন দিয়ে যেন
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি
                         
ইতি,
      আপোনাৰ একান্ত বিশ্বাসী ছাত্ৰী
      নাম_____
      শ্ৰেণী____
      ৰোল নং____           
      শিক্ষা বৰ্ষ= 2018-2021
      অভিভাৱক/অভাৱিকাৰ চহী_____
নিজৰ অঞ্চলৰ পকী ৰাস্তা নিৰ্মাণৰ আবেদন  (Application for road construction)

প্ৰতি,
সভাপতি/সম্পাদক
___________ গাওঁ পঞ্চায়ত
তাৰিখ: 

বিষয়ঃপকী ৰাস্তা নিৰ্মাণৰ আবেদন

সভাপতি/ সম্পাদক ডাঙৰীয়া,
       আমাৰ ________ অঞ্চলৰ বাসিন্দাসকলৰ পক্ষৰ পৰা প্ৰথমতে সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক আমাৰ অঞ্চলৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমাৰ অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ লৈ যোৱা  ৰাস্তা টো পকী নোহোৱাৰ বাবে গাঁৱৰ অধিবাসীসকলে খুবেই কষ্ট ভােগ কৰিব লগা হয়। আমাৰ গাঁৱৰ পৰা সম্পূৰ্ণ ৰাস্তাত কেৱল শিল দিয়া আছে কিন্তু বাৰিষা কালত তাত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতবোৰত পানী জমা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী আদি লোকৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।
      সেয়েহে আমি _____ অঞ্চলবাসী ৰাইজে আপােনাক অনুৰােধ কৰো যে, আপুনি আপােনাৰ ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে যাতে সংশ্লিষ্ট কর্তৃপক্ষ্ই তৎপৰ হৈ বিশেষ ব্যৱস্থা গ্রহণ কৰি পথটো পকীকৰন কৰে যেন।
                                                                                  ধন্যবাদ
                                                                                আপােনাৰ বিশ্বাসী

Also Read:

অসমীয়া আবেদন লিখাৰ নিয়ম | Assamese Application

By: DAINIK SAKORI

On: April 3, 2025

Follow Us:

---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

Join WhatsApp

Join Now

Join Telegram

Join Now

6 thoughts on “অসমীয়া আবেদন লিখাৰ নিয়ম | Assamese Application”

Leave a Comment