
বিভক্তি
বিভক্তি হৈছে এক ব্যাকৰণিক উপাদান, যি শব্দত যোগ হৈ শব্দটোৰ অৰ্থত পৰিৱর্তন আনিবলৈ সহায় কৰে। এটা শব্দৰ কাৰ্য, সময় বা বাক্যত তাৰ ভূমিকা চিনাক্ত কৰাত বিভক্তিৰ প্ৰয়োগ হয়। সহজ ভাষাত কবলৈ হলে – বাক্য গঠনৰ সময়ত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ স্বৰূপে –
- তপনে পঢ়িছে।
- তাই বজাৰলৈ গ’ল।
ওপৰৰ বাক্য দুটাৰ প্ৰথমটো ‘তপন + এ = তপনে’, পঢ় + ইছে = পঢ়িছে’, আৰু দ্বিতীয় বাক্যটিত ‘বজাৰ + অলৈ = বজাৰলৈ’ হৈছে। ইয়াত ‘এ’, ‘ইছে’ আৰু ‘লৈ’ এইবোৰই হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন।
বিভক্তি কেই প্ৰকাৰৰ আৰু কি কি ?
বিভক্তি দুই প্ৰকাৰৰ –
- শব্দ বিভক্তি
- ক্ৰিয়া বিভক্তি।

শব্দ বিভক্তি কাক বোলে
বাক্য গঠনত আমি যেতিয়া কোনো মূল শব্দৰ লগত বিভক্তি প্ৰত্যয় যোগ কৰো, তেতিয়া সেই শব্দৰ ৰূপ সলনি হৈ নতুন অৰ্থ প্ৰকাশ কৰে।এই ৰূপ পৰিৱর্তনকেই শব্দ বিভক্তি বোলা হয়।
উদাহৰণস্বৰূপে –
| মূল শব্দ | বিভক্তি | গঠিত শব্দ | বাক্য |
|---|---|---|---|
| নয়ন | এ | নয়নে | নয়নে পঢ়িছে। |
| গুৰু | ক | গুৰুক | গুৰুক নমস্কাৰ কৰা। |
| গছ | ৰ | গছৰ | গছৰ পাত সেউজিয়া। |
| বজাৰ | লৈ | বজাৰলৈ | মই বজাৰলৈ যাওঁ। |
| বিদ্যালয় | ত | বিদ্যালয়ত | বিদ্যালয়ত ছাত্র আছে। |
| বন্ধু | ৰ | বন্ধুৰ | বন্ধুৰ নাম সুৰজ। |
| শিশু | ক | শিশুটো | শিশুটোক মিঠাই দিয়া। |
| দেউতা | এ | দেউতাই | দেউতাই কাম কৰিছে। |
| ঘৰ | ত | ঘৰত | ঘৰত মানুহ নাই। |
| ঘৰ | লৈ | ঘৰলৈ | মই ঘৰলৈ আহিছো। |
| মানুহ | ৰ | মানুহৰ | মানুহৰ চিনাকি লাগে। |
| মই | ক | মোক | মোক সহায় কৰা। |
| ফুল | ৰ | ফুলৰ | ফুলৰ গন্ধ ভাল পাওঁ। |
| শিশুটি | এ | শিশুটিয়ে | শিশুটিয়ে হাঁহিছে। |
| বন্ধু | লৈ | বন্ধুলৈ | মই বন্ধুলৈ চিঠি লিখিছো। |
শব্দ বিভক্তি কেই প্ৰকাৰৰ আৰু কি কি ?
শব্দ-বিভক্তি ৭টা প্ৰকাৰৰ ভাগ কৰা হৈছে – প্ৰথমা বিভক্তি, দ্বিতীয়া বিভক্তি, তৃতীয়া বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চম বিভক্তি, ষষ্ঠী বিভক্তি আৰু সপ্তমী বিভক্তি
এই ৭টা শব্দ-বিভক্তিৰ প্ৰতিটোৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত শব্দ বিভক্তিৰ চিনবোৰ আৰু উদাহৰণ দিয়া হ’ল।
| প্ৰথমা বিভক্তি | ই, এ |
| দ্বিতীয়া বিভক্তি | ক |
| তৃতীয়া বিভক্তি | ৰে, দি, দ্বাৰা |
| চতুৰ্থী বিভক্তি | ক (অক), লৈ |
| পঞ্চমী বিভক্তি | পৰা |
| ষষ্ঠী বিভক্তি | ৰ |
| সপ্তমী বিভক্তি | ত |
তলৰ চিত্ৰত ‘ৰাম’ আৰু ‘সীতা’ শব্দত বিভক্তিৰ চিনবোৰ যোগ কৰি বাক্য গঠন কৰি দেখুৱা হ’ল।

শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা হয়। উদাহৰণ–
- বিশেষ্য—একবচন—বহুবচন
- ছোৱালী—ছোৱালীক—ছোৱালীেবাৰক
- সৰ্বনাম—একবচন—বহুবচন
- মই——মোক——আমাক
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিষেশ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা কাৰ্যক শব্দৰূপ (Declension of Words) বোলা হয়। তলত কেইটামান বিশেষ্য আৰু সর্বনাম পদত সাতোটা বিভক্তি প্ৰয়োগ কৰি একবচন আৰু বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুৱা হ’ল।
ল’ৰা (বিশেষ্য শব্দ)
বিভক্তি একবচন বহুবচন
প্ৰথমা——ল’ৰা, ল’ৰায়ে—ল’ৰাবোৰ , ল’ৰােবাৰে
দ্বিতীয়া——ল’ৰাক—ল’ৰাবোৰক
তৃতীয়া——ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰা—ল’ৰাবোৰেৰে, ল’ৰাবোৰেদি, ল’ৰাবোৰৰ দ্বাৰা
চতুৰ্থী——ল’ৰাক, ল’ৰালৈ—ল’ৰাবোৰক, ল’ৰাবোৰলৈ
পঞ্চমী——ল’ৰাৰ পৰা—ল’ৰাবোৰৰ পৰা
ষষ্ঠী ——ল’ৰাৰ—ল’ৰাবোৰৰ সপ্তমী—ল’ৰাত—ল’ৰাবোৰত
মই (সৰ্বনাম শব্দ– প্ৰথম পুৰুষ )
বিভক্তি——একবচন —বহুবচন
প্ৰথমা——মই, ময়ে—আমি, আমিয়ে
দ্বিতীয়া——মোক—আমাক
তৃতীয়া—মোৰে, মোৰ দ্বাৰা—আমাৰে, আমাৰ দ্বাৰা
চতুৰ্থী—মোক, মোলৈ—আমাক, আমালৈ
পঞ্চমী—মোৰ পৰা—আমাৰ পৰা
ষষ্ঠী——মোৰ—আমাৰ
সপ্তমী—মোত—আমাত
তুমি (সৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ )
বিভক্তি——একবচন—— বহুবচন
প্ৰথমা—তুমি, তুমিয়ে—তোমালোক, তোমালোকে
দ্বিতীয়া—তোমাক—তোমলোকক
তৃতীয়া—তোমাৰে, তোমাৰ দ্বাৰা—তোমালোকেৰে, তোমালোকৰ দ্বাৰা
চতুৰ্থী —তোমাক, তোমালৈ—তোমালোকক, তোমালোকলৈ
পঞ্চমী—তোমাৰ পৰা—তোমালোকৰ পৰা
ষষ্ঠী—তোমাৰ—তোমালোকৰ
সপ্তমী—তোমাত—তোমালোকত
তুমি (সবৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ)
বিভক্তি—একবচন—— বহুবচন
প্ৰথমা—তাই, তায়ে——সিহঁত, সিহঁতে
দ্বিতীয়া——তাইক—সিহঁতক
তৃতীয়া—তাইৰে,তাইদি, তাইৰদ্বাৰা—সিহঁতৰে, সিহঁতেদি, সিহঁতৰদ্বাৰা
চতুৰ্থী—তাইক, তাইলৈ—সিহঁতক, সিহঁতলৈ
পঞ্চমী—তাইৰ পৰা—সিহঁতৰ পৰা
ষষ্ঠী—তাইৰ—সিহঁতৰ
সপ্তমী—তাইত—সিহঁতত
ক্ৰিয়া বিভক্তি
ধাতু (ক্ৰিয়াৰ মূল) ৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণ–
- ৰাকেশে ৰামায়ণ পঢ়িছে।
ইয়াত ‘পঢ়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়িছে’ ক্ৰিয়াটো সম্পন্ন হৈছে। সেইদৰে,
- কৰ + ইছে = কৰিছে
- লিখ + ইছে = লিখিছে
- ধৰ + ইছে = ধৰিছে।
বি: দ্ৰ: আদেশ, অনুৰোধ বা উপদেশ দিয়া বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কেৱল দ্বিতীয় আৰু তৃতীয় পুৰুষত, নিত্য বৰ্তমান আৰু ভৱিষ্যত কালত হয়। উদাহৰণ–
- ইয়ালৈ আহা। (আদেশ)
- অনুগ্ৰহ কৰি ৰামক সহায় কৰক। (অনুৰোধ)
- কাকো ঘৃণা নকৰিবা। (উপদেশ)
ধাতুৰ ক্ৰিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যথা–
১। ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনে–
- শো + ইছিলো = শুইছিলো
- ধো + ইছিলো = ধুইছিলো
২। ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’ বিভক্তি ‘য়া’ আৰু ‘এ’ বিভক্তি ‘য়ে’ হয়। যেনে–
- কি + অ = কিয়
- দি + আ = দিয়া
- দি + এ = দিয়ে
৩। ব্যঞ্জনান্ত ধাতুৰ শেষ বৰ্ণত ক্ৰিয়া বিভক্তিৰ আদি স্বৰযোগ হয়। যেনে–
- ধৰ + ইলো = ধৰিলো
- কৰ + ইলো = কৰিলো।
৪। অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ ৰ ঠাইত ‘ৱা’ হয়। যেনে–
- ৰো + অ = ৰোৱ
- যা + আ = যাৱ
- ৰো + আ = ৰোৱা।
