---Advertisement---

সর্বনাম পদ কাক বােলে ? সৰ্বনাম পদৰ শ্ৰেণী বিভাগ

By DAINIK SAKORI

Updated On:

---Advertisement---

সর্বনাম পদ কাক বােলে ? সৰ্বনাম পদৰ শ্ৰেণী বিভাগ

সর্ব্বনাম পদ: বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয়, তাক সর্বনাম পদ বোলে। যেনে-

  • দীপান্তৰ এজন ভাল ল’ৰা
  • তেওঁ সদায় পাঠ আওবায়। 
  • তেওঁৰ স্বভাব-চরিত্র সুন্দব; 
  • তেওঁক সকলোৱে মৰম কৰে ইত্যাদি।

সর্বনাম পদ কাক বােলে ? সৰ্বনাম পদৰ শ্ৰেণী বিভাগ

সৰ্ব্বনাম চাৰি প্ৰকাৰৰ : 

(১) ব্যক্তিবাচক

(২) স্থানবাচক 

(৩) কালবাচক আক 

(৪) বিশেষণ সর্ব্বনাম।

১। ব্যক্তিবাচক সর্বনাম: ব্যক্তি, জাতি, বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক ব্যক্তিবাচক সর্বনাম পদ বোলে। যেনেঃ মই, আমি, তুমি, তেওঁ, তেখেত, কোন ইত্যাদি।

২। স্থানবাচক সর্ব্বনাম: ঠাঁইৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক স্থানবাচক সর্বনাম পদ বোলে। যেনেঃ ক’ত, য’ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, য’লৈ ইত্যাদি।

৩। কালবাচক সর্বনাম: কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হোৱা পদক কালবাচক সবর্বনাম পদ বোলে। যেনেঃ আজি, কালি, এতিয়া, তেতিয়া, যেতিয়া, কাহানি, তাহানি, ইত্যাদি।

৪। বিশেষণ সর্ব্বনাম: যিবিলাক সর্ব্বনাম পদ অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা, গুণ আদি নির্ণয় কবে, তাক বিশেষণ সর্ব্বনাম বোলে। যেনে এনেকুৱা, তেনেকুৱা, ইমান, তিমান, সৌ, সৌৱা ইত্যাদি।

সৰ্ব্বনামৰ পুৰুষ

পুরুষ মানে ব্যক্তি। ব্যক্তিবাচক সর্ব্বনামৰ পুরুষ তিনিটা: (১) প্রথম পুরুষ (২) দ্বিতীয় পুৰুষ আক (৩) তৃতীয় পুরুষ। কোনো কথা কওঁতে এজনে কয়, আন এজনৰ আগত কয় আৰু আন এজনৰ বিষয়ে কয়। কওঁতাজন বক্তা, যাৰ আগত কয় তেওঁ শ্রোতা আৰু যাৰ বিষয়ে কোৱা হয় তেওঁ শ্রোতব্য।

গতিকে যি কয়, তেওঁ প্রথম পুরুষ (বক্তা)

যাক কোৱা হয়, তেওঁ দ্বিতীয় পুরুষ (শ্রোতা)।

যাব বিষয়ে কোৱা হয়, তেওঁ তৃতীয় পুরুষ (শ্রোতব্য)।

১। প্রথম পুরুষ: মই, আমি, মোক, আমাক, আমালোক, ইত্যাদি।

২। দ্বিতীয় পুরুষ: তুমি, তোমালোক, তোমাক, তোমালোকক ইত্যাদি। 

তুচ্ছার্থত: তই, তোক, তহঁত, তহঁতক ইত্যাদি।

। তৃতীয় পুরুষ: তেওঁ, তেওঁলোক, তেখেতসকল; ইত্যাদি। তুচ্ছার্থত: সি, সিহঁত, সিহঁতক।

স্ত্রী লিংগৰঃ তুচ্ছাৰ্থত: তাই, তাইহঁত, তাইক, তাইহঁতক, ইত্যাদি।

নামবাচক সকলো বিশেষ্য পদ তৃতীয় পুরুষৰ। বাক্যত তৃতীয় পুরুষ প্রথমতে, দ্বিতীয় পুরুষ মাজত আৰু প্রথম পুরুষ সদায় শেষত বহে। যেনে:

১। কামটো তেবে, তুমিয়ে আক ময়ে কৰিলোঁ।

২। সবাহলৈ তেওঁ, তুমি আৰু মই গৈছিলোঁ।

তির্যক রূপ (Oblique form); ব্যক্তিবাচক সর্বনাম রূপ কৰোঁতে কর্তা কাৰকৰ বাহিৰে বাকীবোৰ কাৰকৰ প্ৰথম পুৰুষত (একবচন আৰু বহুবচন): দ্বিতীয় আৰু তৃতীয় পুৰুষৰ অকল একবচনত মূল পদৰ ৰূপান্তৰ ঘটে। ইয়াকে তির্যক রূপ বোলা হয়। যেনেঃ মইমো। আমি আমা। তইতো। তুমি তোমা।

---Advertisement---

Leave a Comment