---Advertisement---

কাল কাক বোলে ?ই কেই প্ৰকাৰৰ আৰু কি কি?

By DAINIK SAKORI

Updated On:

---Advertisement---

কাল কাক বোলে ?ই কেই প্ৰকাৰৰ আৰু কি কি?

TENSE IN ASSAMESE

কাল: যি সময়ত ক্রিয়া সম্পাদন হয়, সেই সময়ক কাল বোলে। প্রধান কাল তিনিটা:

  1. বর্তমান, 
  2. অতীত আক 
  3. ভবিষ্যৎ কাল।
কাল কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি
TENSE IN ASSAMESE

বৰ্তমান কাল (Present Tense)

বৰ্তমান কাল:যি ক্ৰিয়াই  বৰ্তমান সময়ত কোনো কাম কৰা, হোৱা বা নোহোৱা বুজায় তাকে বৰ্তমান কাল বোলে। 
উদাহৰণ–
  • আমি ফল খাওঁ।
  • ললিতাই কিতাপ পঢ়ি আছে।
অসমীয়া ব্যাকৰণত বৰ্তমান বর্তমান কাল দুবিধ। 
(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense) আৰু
(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)
(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense)
যি ক্ৰিয়াই কোনো কাম নিয়ম মতে বা প্ৰাকৃতিকভাবে  সদায় ঘটি থকা সময়ৰ নিৰ্দ্দেশ কৰে, তাকে নিত্য বৰ্তমান কাল বোলে। 
উদাহৰণ–
  • বহাগত কুলিয়ে মাতে।
  • সূৰ্য পূৱপিনে উদয় হয়।
  • পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।
  • বহাগত বৰদৈচিলা বয়।
(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)
যি ক্ৰিয়াই  কাৰ্য চলি থকা বা এইমাত্ৰ শেষ হোৱা বুজায় তাকে স্বৰূপ বৰ্তমান কাল বোলে। 
উদাহৰণ–
  • ৰাকেশে বল খেলি আছে।
  • ডেভিড  লিখি আছে।
  • তাই ভাত খাই আছে।

অতীত কাল বা ভূত কাল (Past Tense)

অতীত বা ভূত কাল:যি ক্ৰিয়াৰ কাম অতীতত  শেষ হৈ গৈছে তাকে অতীত বা ভূত কাল বোলে। 
উদাহৰণ–
  • তাই চিঠি লিখিছিল।
  • আমি আম খাইছিলো।
  • সি আহিলে ৰঘু গ’লাহেঁতেন।
অসমীয়া ব্যাকৰণত অতীত কালক তিনিটা ভাগত ভগোৱা হৈছে–
(ক) স্বৰূপ ভূত কাল (Similar Past Tense)
(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense)
(গ) সম্ভাব্য ভূত কাল (Possible Past Tense)
(ক) স্বৰূপ ভূত কাল (Similar Past Tense)

যি ক্ৰিয়াই কোনো কাম আগতে শেষ হৈ যোৱা বুজায় তাকে স্বৰূপ ভূত কাল বোলে। 
উদাহৰণ–
  • পানাই এইখন বিদ্যালয়ত পঢ়িছিল।
  • তাই ভাত খাইছিল।
  • সি ইয়াতে বাস কৰিছিল।
(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense)

যি ক্ৰিয়াৰ কাম অতীতত ঘটা কোনো ক্ৰিয়াৰ আগতে সংঘটিত হোৱা বুজায় সেই ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। 
উদাহৰণ–
  • লীলা অহাৰ সময়ত মই লিখি আছিলো।
  • আমি স্কুললৈ যোৱা সময়ত সি দৌৰিছিল।
(গ) সম্ভাব্য ভূত কাল (Possible Past Tense)

অতীত কালত কোনো এটা ক্ৰিয়াৰ কাম সম্পন্ন হোৱাৰ কথা আছিল যদিও ক্ৰিয়াৰ কাম সম্পন্ন নোহোৱাকৈ সময় অতীত হৈ গ’ল, এনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে। 
উদাহৰণ–
  • তাই অহাহেঁতেন সি কামটো কৰিলোহেঁতেন।
  • ভালদৰে পঢ়িলোঁহেঁতেন পাছ কৰিলাহেঁতেন।
  • তুমি অহাহেঁতেন যাদৱ গ’লেহেঁতেন।
  • মামনি উপস্থিত থাকিলে আমি গীত গালোহেঁতেন।

ভৱিষ্যত কাল (Future Tense)

ভৱিষ্যত কাল:যি ক্ৰিয়াৰ কাৰ্য ভৱিষ্যতে বা আগলৈ কৰা হ’ব তাকে ভৱিষ্যত কাল বোলে।  
উদাহৰণ–
  • তাই ইয়ালৈ আহিব।
  • সিহঁত অহা কালি মাদ্রাজলৈ যাব।
  • কৰিমে খেলি থাকিব। আমি চাহ খাম।
ভৱিষ্যত কাল তিনি ধৰণে প্ৰয়োগ হোৱা দেখা যায়। যেনে-
  • নিৰ্দ্দেশক অৰ্থত : আমি দিল্লীলৈ যাম। তাই বিদ্যালয়লৈ যাব।
  • অনুজ্ঞা অৰ্থত: তুমি শিক্ষকৰ কথা মানি চলিবা। প্রখৰ ৰ’দত দৌৰি নুফুৰিবা।
  • চলন্ত অৰ্থত: আমি লিখি থাকিম। সিহঁত গৈ থাকিব।

10 one-liner FAQs on Tense (কাল) in Assamese Grammar:

কাল কাক বোলে?
→ যি সময়ত কোনো ক্ৰিয়া সংঘটিত হয়, তাক কাল বোলে।
অসমীয়া ভাষাত কাল কিমান প্ৰকাৰৰ?
→ অসমীয়াত তিনিপ্ৰকাৰৰ কাল আছে—বৰ্তমান, অতীত, আৰু ভবিষ্যৎ কাল।
নিত্য বৰ্তমান কাল কাক বোলে?
→ যি ক্ৰিয়াই নিয়মিত বা প্ৰাকৃতিকভাৱে সদায় সংঘটিত হয়, তাক নিত্য বৰ্তমান কাল বোলে।

স্বৰূপ বৰ্তমান কাল কাক বোলে?
→ যি ক্ৰিয়াই চলি থকা কাৰ্য বা এইমাত্ৰ শেষ হোৱা কাৰ্য বুজায়, তাক স্বৰূপ বৰ্তমান কাল বোলে।
অতীত কাল কাক বোলে?
→ যি ক্ৰিয়াৰ কাৰ্য অতীতত সম্পন্ন হৈছে, তাক অতীত বা ভূত কাল বোলে।
অসমীয়াত অতীত কাল কিমান প্ৰকাৰৰ?
→ অসমীয়াত অতীত কাল তিনি প্ৰকাৰৰ—স্বৰূপ ভূত, অপূৰ্ণ ভূত, আৰু সম্ভাব্য ভূত কাল।
সম্ভাব্য ভূত কাল কাক বোলে?
→ যি ক্ৰিয়াৰ কাৰ্য অতীতে সম্ভৱ আছিল, কিন্তু সংঘটিত নহ’ল, তাক সম্ভাব্য ভূত কাল বোলে।
ভৱিষ্যৎ কাল কাক বোলে?
→ যি ক্ৰিয়াৰ কাৰ্য আগতীয়া সময়ত সংঘটিত হ’ব, তাক ভৱিষ্যৎ কাল বোলে।
ভৱিষ্যৎ কাল কিমান প্ৰকাৰৰ?
→ ভৱিষ্যৎ কাল তিনি ধৰণে প্ৰয়োগ হয়—নিৰ্দ্দেশক, অনুজ্ঞা, আৰু চলন্ত অৰ্থত।
অসমীয়াত কাল কেনেদৰে বাক্যত প্ৰয়োগ কৰা হয়?
→ কাল অনুসৰি ক্ৰিয়াপদৰ ৰূপ সলনি হয়, যেনে—”আমি যাম” (ভৱিষ্যৎ), “আমি গলোঁ” (অতীত), “আমি যাওঁ” (বৰ্তমান)।

---Advertisement---

Leave a Comment