সমাৰ্থক শব্দ বা প্ৰতি শব্দ | Assamese samarthak shabda
প্ৰশ্ন :সমাৰ্থক শব্দ কাক বোলে ?
উত্তৰ: একেই অৰ্থ বুজোৱা শব্দবোৰকে সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলে।
উদাহৰণ:
- পৃথিৱী – ভূমিক, ধৰণী
- জীৱন – সৰ্বস্ব, প্ৰাণ
- সূৰ্য – ৰবি, দিনকৰ
সমাৰ্থক শব্দৰ প্ৰয়োজনীয়তা:
সমাৰ্থক শব্দৰ ব্যৱহাৰে ভাষা সুন্দৰ আৰু সমৃদ্ধ হয়। ইয়াৰ দ্বাৰা এটি কথাক বহু দৰে প্ৰকাশ কৰিব পাৰি, যাৰ ফলত ভাষা আৰু লিখনি অধিক আকর্ষণীয় হয়।
![]() |
অসমীয়া সমাৰ্থক শব্দ |
সমাৰ্থক শব্দ বা প্ৰতি শব্দ (Synonyms In Assamese)
অ
- অৰ্থ : টকা,সম্পদ, বিত্ত।
- অলংকাৰ : গহণা, আভৰণ।
- অসুৰ : দৈত্য, দানৱ।
- অসুখ : বেজাৰ।
- অন্ধকাৰ : তিমিৰ, আন্ধাৰ, নিশি।
- অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
- অমৃত : সুধা, অমিয়, পীযুষ।
- অন্ত : অৱশেষ, শেষ, ইতি, মৃত্যু
- অৰ্জুন : পাৰ্থ, সব্যসাচী, ফাল্গুনী।
- অতি : অত্যন্ত, অধিক, পৰম।
- অগ্নি : জুই, অনল, বহ্নি।
- অনুৰাগ : আসক্তি, প্ৰেম।
আ
- আপোন : নিজ, আত্ম।
- আবেদন : দৰ্খাস্ত, নিৱেদন।
- আৰাও : মাত, চিঞৰ।
- আৰ্হি : চানেকি, আদৰ্শ।
- আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ।
- আনন্দ : উল্লাস, ৰং, আমোদ, ধেমালি।
- আহত : আঘাত।
- আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।
- আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।
- আতংক : ভয়, ভীতি।
- আত্মীয় : কুটুম, সম্বন্ধীয় মানুহ।
- আদৰ্শ : আৰ্হি, চানেকি।
- আদিম : প্ৰথম, প্ৰাচিন।
ই
- ইতৰ : হীন, অধম।
- ইতিহাস : বুৰঞ্জী।
- ইচ্ছা : বাঞ্ছা, স্পৃহা, অনুৰোধ।
- ইন্দ্ৰ : পুৰন্দৰ, বজ্ৰপাণি, স্বৰ্গাধিপতি।
ঈ
- ঈসান : মহাদেৱ, শিৱ।
- ঈক্ষণ : দৃষ্টি, দৰ্শণ।
- ঈশ্বৰ : পৰমাত্মা,ভগৱান,নাথ।
- ঈষত্ : অলপ, কিঞ্চিত।
উ
- উত্কন্ঠা : ব্যাকুলতা, উদ্বিগ্নতা।
- উত্ফুল্ল : আনন্দিত, বিকশিত।
- উত্ৰাৱল : অস্থিৰ, চঞ্চল।
- উজু : সৰল, সহজ, ঢিলা।
- উত্কট : তীব্ৰ, অতিশয়।
- উত্তম : উৎকৃষ্ট, শ্ৰেষ্ঠ।
- উদয় : উত্থান, উত্পত্তি।
- উকা : শুদা, উদং।
- উগ্ৰ : তীব্ৰ, চোকা।
- উচিত : সমীচীন, যথাৰ্থ।
ঊ
- ঊৰ্মি : ঢৌ , তৰংগ।
- ঊষা : ধলপুৱা।
ঋ
- ঋষি : শাস্ত্ৰবিদ, তপস্বী, মুনি।
- ঋণ : কৰ্জ, দেনা, ধাৰ।
এ
- একান্ত : একাগ্ৰ, একমুখী।
ঐ
- ঐক্য : একতা।
- ঐচ্ছিক : ইচ্ছাধীন।
- ঐশ্বৰ্য্য : সম্পত্তি, বিভৱ।
ও
- ওপৰঞ্চি : অতিৰিক্ত, উপৰুৱা।
- ওজা : শিক্ষক, পণ্ডিত।
- ওলগ : সেৱা, নমস্কাৰ।
ঔ
- ঔষধ : দৰৱ।
ক
- কৰুণ : কাতৰ, ব্যাকুল।
- কলম : কাপ, লেখনি।
- কলংক : দাগ।
- ক’লা : কৃঞ্চবৰ্ণ।
- কাণ : কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়।
- কাপোৰ : বস্ত্ৰ,অচ্ছাদন।
- কামুক : কামী, কামাতুৰ, কামাৰ্ত
- কাৰেং : ৰাজপ্ৰাসাদ।
- কাষ : ওচৰ, সমীপ, দাঁতি।
- কথা : উক্তি।
- কণ্ঠ : গল, ডিঙি, টেঁটু, গ্ৰীৱা।
- কন্যা : জীয়াৰী, ছোৱালী।
- কপাল : কপোল, ললাট।
- কবিৰাজ : বৈদ্য।
- কম : তাকৰ।
- কৰ : ৰাজহ, খাজনা।
- কিতাপ : গ্ৰন্থ, পুথি।
- কিৰণ : ৰশ্মি, পোহৰ।
- কটুম্ব : আত্মীয়, স্বজন, জ্ঞাতি।
- কুল : বংশ, গোত্ৰ, জাতি।
- কুশল : কল্যান।
- কুসুম : পুষ্প, ফুল।
- কৃপণ : কৰাইচ, চিকটা।
- কৃষক : খেতিয়ক, কৃষাণ।
- কেৰাহি : বেকাঁ দৃষ্টি,
- কেৰাহী : লোহৰা।
- কেৰু : থুৰীয়া, কাণফুলি।
- কোৰ্হাল : কোলাহল, হুলস্থূল।
- কোঠা : কোঠালি, খোটালি, কক্ষ।
- ক্লান্তি : অৱসাদ, ভাগৰ।
- ক্ৰমশ : পৰ্যাক্ৰমে, ক্ৰমান্বয়ে।
- ক্ৰমিক : ধাৰাবাহিক।
খ
- খৰচ : ভগন, ব্যয়।
- খনিকৰ : ভাস্কৰ, কাৰিকৰ, মূৰ্তিশিল্পী।
- খনিজ : খনিজাত, অকৰিক।
- খাট : বিছনা, বিছনা, পালেংগি।
- খৱৰ : বতৰা, বাতৰি, সংবাদ।
- খং : ৰাগ, ক্ৰোধ।
- খঙাল : কোপী, ক্ৰোধী।
- খৰ : খৰাং, অবৃষ্টি।
গ
- গধূলি : সন্ধিয়া, সন্ধ্যা।
- গংগা : ভাগিৰথী, জাহ্নবী, মন্দাকিনী।
- গাখীৰ : ক্ষীৰ।
- গা : শৰীৰ, দেহ।
- গাফিলতি : অৱহেলা, আওকাণ, অনাদৰ।
- গীত : গান।
- গোচৰ : আপত্তি, অভিযোগ।
- গৰ্ভৱতী : সগৰ্ভা, সসত্ত্বা, অন্তৰ্ৱতী।
- গগনস্পৰ্শী : গগনচুম্বী, আকাশচুম্বী আকাশলংঘা।
- গছ : বৃক্ষ, বিটপ।
- গতানুগতিক : নতুনত্বহীন, অব্যতিক্ৰম।
- গপচ : ধীৰ, গম্ভীৰ, গহীন।
- গমন : যাত্ৰা, চলন।
- গৰখীয়া : বৎসপাল, গোপালক।
- গৰম : তপ্ত, উষ্ণ।
- গৰাকী : মালিক, অধিকাৰী।
- গল : কণ্ঠ, টেঁটু, ডিঙি।
ঘ
- ঘোঁৰা : অশ্ব।
- ঘোষণা : জাননী, ইস্তাহাৰ।
- ঘোঁটনী : মন্থনী, মথনী।
- ঘনিষ্ঠ : আপোন, আন্তৰিক, অন্তৰংগ।
- ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিবাস।
- ঘাট : উপকূল।
- ঘাঁহ : তৃণ, বন।
- ঘিউ : ঘৃত, অমৃত।
চ
- চমু : সংক্ষেপ, চুটি।
- চৰা : বৰ্ধিত।
- চৰণকমল : পাদপদ্ম, পদপংকজ।
- চৰাই : পক্ষী, বিহগ।
- চলন্ত : গমনশীল, গতিশীল।
- চহৰ : নগৰী, টাউন।
- চহী : স্বাক্ষৰ ।
- চাকৰ : দাস, ভৃত্য।
- চকু : অক্ষি, লোচন, নয়ন, নেত্ৰ।
- চক্ৰান্ত : ষড়যন্ত্ৰ।
- চছমা : বিতচকু।
- চন্দ্ৰ : জোন।
- চফা : নিৰ্মল, পৰিষ্কাৰ।
- চাকি : বন্তি, দীপক,।
- চাৰু : মিহি, নিমজ।
- চিকুণ : মিহি।
- চিন : প্ৰতীক, চিহ্ন।
- চিনাকী : পৰিচিত।
- চিনেমা : চলচিত্ৰ, বোলছবি।
- চিন্তো : ভাবোঁ।
- চিপাহী : যোদ্ধা, জোৱান, ৰণুৱা।
- চিৰকালীন : চিৰন্তন, চিৰস্থায়ী ।
- চিৰবৈৰী : চিৰশত্ৰু।
- চিয়াঁহী : মহী, মসী, কালি।
- চুলি : কেশ।
- চেঁচা : ঠাণ্ডা, জুৰ, শীতল ।
- চেলেপু : চেলবেলীয়া, চেলচেলীয়া।
- চোকা : তীক্ষ্ণ।
- চোতাল : প্ৰাংগন, অংগন।
- চোৰ : তস্কৰ।
- চৌকা : আখল।
ছ
- ছবি : চিত্ৰ।
- ছাই : ভষ্ম।
- ছাউনী : শিবিৰ।
- ছাল : চৰ্ম, চামৰা।
- ছাঁ : ছায়া।
- ছমহীয়া : ষান্মাষিক।
- ছটফটনি : ধৰফৰণি।
- ছাত্ৰ : বিদ্যাৰ্থী, শিষ্য।
- ছিদ্ৰ: বিন্ধা, ফুটা।
জ
- জন্তু : পশু।
- জড় : নীৰ্জিৱ, জীৱহীন, প্ৰাণহীন।
- জাগতিক : লৌকিক।
- জিৰণী : অৱসৰ, বিশ্ৰাম।
- জিভা : ৰসনা।
- জগৰ : দায়, দোষ।
- জনশ্ৰুতি : কিংবদন্তি।
- জন্ম : উৎপত্তি, জনম, অৱিৰ্ভাৱ।
- জীৱিত : প্ৰাণযুক্ত, জীৱন্ত।
- জুই : অগ্নি, বহ্নি।
- জোন : জোনবাই, চন্দ্ৰ।
- জ্ঞানী : পণ্ডিত।
ঝ
- ঝাৰু : বাঢ়নী।
- ঝংকাৰ : ধ্বনি, শব্দ।
- ঝঙ্কৃত : ধ্বনিত।
- ঝৰনা : জুৰি।
- ঝঞ্জা : ধুমুহা।
- ঝুলন : দোলন।
ট
- টুকুৰা : ডোখৰ, অংশ।
- টেঙৰ : ধূৰ্ত, চতুৰ।
- টকা : বিত্ত।
- টেবুল : মেজ।
- টোপনি : নিদ্ৰা।
ঠ
- ঠাল : ডাল।
- ঠাট্টা : ইতিকিং।
- ঠিকনা : নিশ্চয়তা।
- ঠিলা : সোপা।
- ঠেকা : ঢোকা।
- ঠাই : স্থান, জেগা।
- ঠাৱৰ : নিশ্চয়, থিৰাং।
- ঠগ : টেটোন, প্ৰতাৰক।
- ঠঙনা : আঘাত।
- ঠেৰুছিগা : নিঠৰুৱা।
- ঠেহ : অভিমান।
ড
- ডাৱৰ : মেঘ।
- ডাং : টাঙুন।
- ডিঙা : নাও।
- ডিঙি : গল।
- ডেও : জাঁপ।
- ডেকা : যুৱক।
- ডলীয়া : নফলা।
- ডাঙৰ : বৃহৎ।
- ডাঠ : ঘন।
- ডেউকা : ডৌকা, পাখি।
- ডেওনা : প্ৰতিবন্ধক।
- ডোল : জৰী, ৰছী।
- ডোং : খাৱৈ।
ঢ
- ঢৰীয়া : ডাঙৰ।
- ঢল : জাক, জুম।
- ঢং : ৰীতি, প্ৰকাৰ।
- ঢৌ : তৰঙ্গ, লহৰ, উৰ্মি।
ত
- তৰা : নক্ষত্ৰ।
- তলুৱা : কৰতল।
- তামোল : গুৱা।
- তিতা : ভিজা।
- তিনিমহীয়া : ত্ৰৈমাসিক।
- তীক্ষ্ণ : চোকা, জোঙা।
- তদাৰক : চোৱাচিতা।
- তদন্ত : অন্বেষণ, অনুসন্ধান।
- তপ্ত : গৰম, উত্তাপ।
- তপস্বী : যোগী, ঋষি।
- তৰংগ : ঢৌ, লহৰ।
- তুমুল : তয়াময়া।
- তৃষ্ণা : তৃষা , পিয়াহ।
- তেজ : ৰক্ত, শোণিত।
- ত্যাগ : বৰ্জন, বিসৰ্জন।
থ
- থিৰ : স্থিৰ, শান্ত।
- থলুৱা : খিলঞ্জীয়া, স্থানীয়।
- থলী : ঠাই, স্ঠান।
- থাম : স্তম্ভ, খুঁটা।
দ
- দেউতা : পিতা, বোপাই, পিতৃ ।
- দেউলীয়া : সৰ্বহাৰা।
- দেৱালী : দীপাৱলী, দীপান্বিতা।
- দৈহিক : শাৰীৰিক, দেহগত।
- দোকান : বিপণী।
- দেৱতা : দেৱ, ত্ৰিদশ।
- দেশপ্ৰেমী : দেশহিতৈষী, দেশসেৱক।
- দেশদ্ৰোহী : দেশবৈৰী।
- দুৰাকাংক্ষা : দুৰাশা।
- দল : সংগঠন, জাক।
- দক্ষ : পটু, পাৰ্গত, কামিলা।
- দক্ষিণা : বৰঙণি, দান, অৰিহণা।
- দৰিয়া : সাগৰ, নদী।
- দাঁত : দন্ত, দশন।
- দিন : দিবা, দিৱস।
- দিহা : পৰামৰ্শ, উপদেশ।
- দুখ : বেজাৰ।
- দুখীয়া : দৰিদ্ৰ, দীন।
- দূৰ : নিলগ, আতৰ।
- দুৰ্বৃত্ত : দুৰ্জন।
- দুৰ্দশা : দুৰৱস্থা, দুৰ্গতি।
- দুৰ্ভিক্ষ : অকাল।
- দূৰ্লভ : আপুৰুগীয়া, দষ্পাপ্য।
- দ্ৰুত : ক্ষিপ্ৰ।
ধ
- ধন: অৰ্থ, টকা, পইচা।
- ধনিয়া : মেমেধু।
- ধীৰ : লেহেম।
- ধুনীয়া : সুন্দৰ, শুৱনী।
- ধোঁৱাখুলীয়া : অমিতব্যয়ী।
- ধনী : চহকী, আঢ্যৱন্ত।
- ধৰা : পৃথিৱী।
- ধৰুৱা : ঋণী, ঋণগ্ৰস্ত।
- ধৱল : বগা, শুক্ল।
- ধ্বংস : বিনাশ, নাশ।
ন
- নিজৰা : জুৰি, ঝৰণা।
- নিজান : নিস্তব্ধ, নিৰিবিলি ।
- নিমখ : লোণ, লৱণ।
- নিৰাপদ : সুৰক্ষিত।
- নিৰাশা : হতাশা।
- নিৰাশ্ৰয় : আশ্ৰয়হীন।
- নিৰুদ্দেশ : সন্ধানহীন, নিখোজ।
- নিৰ্ণয় : নিৰ্ধাৰণ।
- নিৰ্দেশ : তলব, আদেশ।
- নিশা : ৰাতি।
- নিয়ৰ : হিম।
- নিস্তাৰ : মুক্তি, ৰেহাই।।
- নিঃশব্দ : নীৰৱ, নিস্তব্ধ।
- নৈ : স্ৰোতৱতী, তৰঙ্গিনী।
- নকল : প্ৰতিলিপী।
- নতুন : নবীন, নৱ, অভিনৱ।
- নাও : নৌকা, ডিঙা।
- নাক : নাসিকা, ঘ্ৰাণেন্দ্ৰিয়।
- নাবালক : শিশু, কিশোৰ।
- নাৰী : মহিলা, স্ত্ৰী, তিৰোতা।
- নিগাজী : স্থায়ী।
প
- পত্নী : ঘৈণী, তিৰোতা, সহধৰ্মিণী ,গৃহিনী।
- পতি : নাথ, স্বামী।
- পথ : বাট, ৰাস্তা।
- পদ : ভৰি, চৰণ।
- প্ৰতিষ্ঠা : স্থাপন।
- প্ৰয়াস : চেষ্টা, যন্ত।
- প্ৰাচীন : পুৰণি, পুৰাতন।
- প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক।
- প্ৰিয় : মৰমৰ।
- প্লাৱিত : জলমগ্ন।
- পানী : জল, সলিল।
- পিতৃ : পিতা, দেউতা, বোপাই, জনক।
- পিৰীতি : প্ৰেম।
- পিয়াহ : পিপাসা।
- পীড়া : ব্যাধি, যন্ত্ৰণা।
- পদুম : কমল।
- পণ্ডিত : জ্ঞানী, বিদ্বান।
- পৰ্বত : গিৰি।
- পলক : পচাৰ, নিমেষ ।
- পহু : মৃগ।
- পাত : পল্লৱ, পত্ৰ।
- পুত্ৰ : সন্তান, আত্মজ।
- পুথি : গ্ৰন্থ, কিতাপ।
- পুৰণি : প্ৰাচীন, পুৰাতন, আগৰ।
- পূৰ্বতে : আগতে।
- পৃথিৱী : বসুন্ধৰা, ধৰিত্ৰী।
- প্ৰচলন : প্ৰৱৰ্তন।
ফ
- ফাঁই : খং, উত্তেজনা।
- ফুল : কুসুম, পুষ্প।
- ফটিকা : মদ, সুৰা।
- ফণী : সাপ।
- ফৰকাল : মুকলি।
- ফলপ্ৰসু : ফলদায়ক।
ব
- বৃত্তি : জীৱিকা।
- বেছি : সৰহ, অধিক।
- বেলিফুল : সুৰুযমুখী, সূৰ্যমুখী।
- বেপাৰ : বেহা, ব্যৱসায়, বাণিজ্য।
- বেপাৰী : বণিক, দোকাণী, সদাগৰ।
- বৈকুন্ঠ : বিষ্ণুধাম, বিষ্ণুলোক।
- বৈশিষ্ট্য : বিশেষত্ব, বিশিষ্টতা।
- বুকু : হৃদয়, আমঠু।
- ব্ৰাহ্মণ : দ্বিজ, বামুণ, বিপ্ৰ।
- ব্যথা : দুখ, বেদনা।
- বস্ত্ৰ : কাপোৰ, আৱৰণ, সাজ।
- বছৰেকীয়া : বাৰ্ষিক।
- বন : হাবি, অৰণ্য।
- বৰফ : নীহাৰ, তুষাৰ, হিম।
- বজাৰ : হাট, বিপণী।
- বতাহ : বায়ু, পৱন।
- বন্ধু : বান্ধৱ, মিত্ৰ।
- বধ : হত্যা, হনন।
- বৰঙনি : অৰিহনা।
- বৰফ : তুষাৰ।
- বল : শক্তি, জোৰ।
- বাঘ : বনৰজা, ব্যাঘ্ৰ।
- বাট : পথ, ৰাস্তা।
- বাঁহী : মুৰুলী, বংশী।
- বিখ্যাত : জনাজাত।
- বিটপী : বিৰিখ, গছ।
- বিন্ধা : ফুটা, ৰন্ধ্ৰ, জনঙা।
- বিবাদ : কলহ, দন্দ, আপদ।
- বিধৱা : স্বামীহীনা, পতিহীনা ।
- বিস্ময়কৰ : চমত্কাৰ, আশ্চৰ্যজনক।
- বিস্তৃত : প্ৰসাৰিত , বিস্তাৰিত।
- বীৰত্ব : পৰাক্ৰম, বিক্ৰম।
ভ
- ভৰি : পদ, চৰণ।
- ভদ্ৰ : সভ্য, নম্ৰ।
- ভনী : ভন্টী।
- ভয় : ত্ৰাস।
- ভয়াতুৰ : ভয়াৰ্ত।
- ভয়ানক : ভয়াৱহ, ভয়ংকৰ।
- ভাগ্যৱান : ভাগ্যশালী।
- ভাত : অন্ন, আহাৰ।
- ভিক্ষাৰী : মগনিয়াৰ।
- ভৃত : দাস, লগুৱা।
- ভেঁজাল : অশুদ্ধ।
- ভোক : ক্ষুধা।
ম
- মগজ : মস্তিষ্ক, মগজু।
- মন্দিৰ : দেৱালয়।
- মৰম : প্ৰীতি, চেনেহ, ভালপোৱা ।
- মহাকাশ : মহাশূণ্য, অন্তৰীক্ষ।
- মহিমা : প্ৰতাপ।
- মণ্ডিত : অলংকৃত, বিভূষিত।
- মনোৰম : মনোমুগ্ধকৰ, মনোমোহন ।
- মধ্যাহ্ন : দুপৰ, দুপৰীয়া।
- মাতৃঃ মা , আই , জননী , জন্মদাত্ৰী , বৌতি।
- মাছ : মৎস্য, মীন।
- মানুহ : মনুষ্য, লোক, মানৱ।
- মাটি : ভূমি, মৃত্তিকা।
- মিত্ৰ : বন্ধু, বান্ধৱ।
- মিহি : মসৃণ, নিমজ।
- মুখ : বদন, আনন।
- মুগ্ধ : মোহিত।
- মূৰ্তি : বিগ্ৰহ, প্ৰতিমা।
- মৃগ : হৰিণ, কুৰংগ, শাৰংগ।
- মৃত্যু : মৰণ, প্ৰলয়, অন্ত, অস্ত, তিৰোভাব, দেহত্যাগ,
- মেঘ : ডাৱৰ, বাদল।
- মৌ : মধু, মৌৰস, মৌজোল।
য
- যত্ন : চেষ্টা।
- যতন : সঁজুলি।
- যন্ত্ৰণা : কষ্ট, যাতনা।
- যম : ধৰ্মৰাজ।
- যমজ : যঁজা।
- যাত্ৰী : ভ্ৰমণকাৰী।
- যান : বাহন, গাড়ী।
- যাদু : ইন্দ্ৰজাল।
- যুগান্ত : প্ৰলয়।
- যুঁজ : ৰণ, যুদ্ধ।
- যোগাযোগ : সম্পৰ্ক, সম্বন্ধ।
- যোগী : তপস্বী।
- যোগ্য : উপযুক্ত।
- যোদ্ধা : যুঁজাৰো, ৰণুৱা।
ৰ
- ৰঙিয়াল : আনন্দময়।
- ৰজক : ধোবা।
- ৰজত : ৰূপ।
- ৰজনী : ৰাতি, নিশা।
- ৰক্ত : তেজ, শোণিত, শক্তি।
- ৰজা : নৃপতি, ভূপতি।
- ৰজ্জু : জৰী।
- ৰন্ধ্ৰ : বিন্ধা, ছিদ্ৰ।
- ৰসনা : জিভা।
- ৰহণ : বৰণ।
- ৰশ্মি : পোহৰ, কিৰণ।
- ৰ’দ : কিৰণ।
- ৰবি : সূৰ্য্য।
- ৰং : আনন্দ, আমোদ।
- ৰাগি: মাদকতা, নিচা।
- ৰাজকীয় : ৰজাঘৰীয়া।
- ৰাণীঃ মাদৈ, পটেশ্বৰী
- ৰাতি : নিশা, ৰজনী।
- ৰিক্ত : শূন্য, উদং।
- ৰিজনি : তুলনা।
- ৰোগ : ব্যাধি, বেমাৰ।
ল
- লাঠী : লাখুটি, টোকোন।
- ল’ৰা : পুত্ৰ , বালক।
- ললাট : কপাল, ভাগ্য।
- ললিত : মনোৰম, সুন্দৰ।
- লৱণ : নিমখ, লোণ।
- লৱণু : মাখন।
- লহৰ : ঢৌ, তৰঙ্গ।
- লক্ষ্য : উদ্দেশ্য।
- লোপ : ধ্বংস, নাশ।
- লোভ : লালসা।
- লৈহিত্য : লুইত, ব্ৰক্ষ্মপুত্ৰ।
শ
- শক্তি : বল, সামৰ্থ্য
- শত্ৰু : বৈৰী, শতৰু, অৰি।
- শতাব্দ : শতিকা।
- শপত : প্ৰতিজ্ঞা।
- শব্দ : ধ্বনি।
- শৱ : মৃতদেহ, মৰাশ।
- শিল : পাষাণ, প্ৰস্তৰ, পাথৰ।
- শিক্ষক : গুৰু, শিক্ষাদাতা।
- শিৱ : মহাদেৱ, কৈলাসপতি, নীলকণ্ঠ।
- শীত : চেঁচা, ঠাণ্ডা।
- শেষ : অন্ত, অৱসান।
- শুকুলা : শুক্ল, বগা।
- শৃংখল : শিকলি।
- শেষ : অন্ত, অৱসান।
- শৈল : পৰ্বত, পাহাৰ।
- শোকাকুল : শোকাতুৰ, শোকাৰ্ত।
- শোণিত : ৰক্ত, তেজ।
- শৌৰ্য : বীৰত্ব, শক্তি।
ষ
- ষড়ানন: কাৰ্ত্তিক।
- ষণ্ড : ষাড়, ঋষভ।
- ষন্মাস : ছমাহ।
- ষান্মাসিক : ছমহীয়া।
স
- সখা : মিত্ৰ, সুহৃদ, বান্ধৱ।
- সচেতন : সজাগ, চেতনাযুক্ত।
- সচেষ্ট : যত্নপৰ।
- সঞ্চাৰ : গমন, চলন।
- সমীৰ : বতাহ, বায়ু, পৱন।
- সৰস্বতী : বাগদেৱী, বাগীস্বৰী, দ্বিসন।
- সাপ : সৰ্প, ফণী, অহি।
- সঞ্চাৰ : তলা।
- সংকট : বিপদ, সমস্যা।
- সংগ্ৰাম : যুদ্ধ, সমৰ।
- সাউদ : বেপাৰী, সদাগৰ।
- সাগৰ : সমুদ্ৰ।
- সামৰণি : অন্ত।
- সুচল : সুবিধা। উজু, সহজ।
- সূৰ্য : ৰবি, বেলি।
হ
- হৰিষ : আনন্দ।
- হাট : বজাৰ।
- হাত : হস্ত, পাণি।
- হাতী : হস্তী,গজ।
- হাবি : অৰণ্য, অটবী।
- হিয়া : হৃদয়।
- হিংসা : অসূয়া, ঈৰ্ষা।
- হৃদয়: বুকু, অন্তৰ।
- হেমাহি : গাফিলতি, হেলা।
- হোজা : সৰল,
- হ্ৰদ : সৰোবৰ, সৰসী।
- হ্ৰাস : ক্ষয়, অলপ।
ক্ষ
- ক্ষণ : ক্ষন্তেক।
- ক্ষতি : হানি, অনিষ্ট।
- ক্ষমতা : সামৰ্থ্য, প্ৰতিপত্তি।
- ক্ষতি : হানি, অনিষ্ট।
- ক্ষিপ্ৰ : দ্ৰুত, তীব্ৰ।
- ক্ষুধা : ভোক, বুভুক্ষা।
- ক্ষুব্ধ : বিতুষ্ট, অসন্তুষ্ট।
- ক্ষেত্ৰ : স্থান।
HSLC পৰীক্ষাৰ সমাৰ্থক শব্দ
HSLC – ২০১৩
- নিৰানন্দ:আনন্দহীন
- কৃতজ্ঞ:ধন্য
- ব্যাথা:বিষ, দুখ, বেদনা
- কৰুণ:বিষাদপূৰ্ণ, বিমৰ্ষ
- হৃদয়:অন্তৰ
HSLC – ২০১৪
- আকাশ:অভ্ৰ, গগন
- অগ্নি:জুই, বহ্নি
- পীড়া:অসুখ, ব্যাধি
- গছ:বৃক্ষ
- ধৰা:পৃথিৱী, বসুন্ধৰা
- পক্ষী:চৰাই
HSLC – ২০১৫
- ঘৰ:গৃহ, আলয়
- আকাশ:গগন, অভ্ৰ
- পদুম:কমল, পংকজ
- জুই:অগ্নি, বহ্নি
- চকু:নয়ন, নেত্ৰ
- নদী:নদ, নৈ
HSLC – ২০১৬
- আচমান:আকাশ
- বিটপী:বৃক্ষ
- হাত:হস্ত
- বতাহ:অনিল, পৱন
- জুই:বহ্নি, অগ্নি
- নিপুণ:দক্ষ, পাৰ্গত
HSLC – ২০১৭
- আকাশ:গগন, অভ্ৰ
- ধৱল:বগা
- বাৰিধী:সাগৰ, সমুদ্ৰ
- সমীৰ:বতাহ
- পক্ষী:চৰাই
- কামিনী:সুন্দৰী, ৰূপহী
HSLC – ২০১৮
- পদুম:পংকজ, কমল
- ঘাঁহ:বন, তৃণ
HSLC – ২০১৯
- তৰঙ্গ:ঢৌ
- কুসুম:ফুল, পুষ্প
HSLC – ২০২০
- মুখ:বদন
- স্বামী:গিৰিয়েক, পৈ
সমাৰ্থক শব্দ FAQ (Frequently Asked Questions):
1. ঘৰৰ সমাৰ্থক শব্দ কি?
উত্তৰ: আবাস, আলয়, গৃহ, ভৱন, নিবাস।
2. পৃথিৱীৰ সমাৰ্থক শব্দ কি?
উত্তৰ: ধৰণী, ভূমি, বসুধা, বসুন্ধৰা।
3. সূৰ্যৰ সমাৰ্থক শব্দ কি?
উত্তৰ: ৰবি, দিনকৰ, ভাগিৰথী, প্ৰভাকৰ।
4. পানীৰ সমাৰ্থক শব্দ কি?
উত্তৰ: নীৰ, জল, বাৰি, সলিল।
5. বতাহৰ সমাৰ্থক শব্দ কি?
উত্তৰ: পবন, সমীৰ, বায়ু, বাতাস।
6. মানুহৰ সমাৰ্থক শব্দ কি?
উত্তৰ: লোক, নৰ, মনুষ্য, জন।
7. গৰাকীৰ সমাৰ্থক শব্দ কি?
উত্তৰ: অধিপতি, প্ৰভু, স্বামী, মালীক।
8. নদীৰ সমাৰ্থক শব্দ কি?
উত্তৰ: তটিনী, সৰস্বতী, নিৰা, সিন্দু।
9. চন্দ্ৰৰ সমাৰ্থক শব্দ কি?
উত্তৰ: ৰজনীকৰ, শশী, ইন্দু, কুমুদবন্ধু।
10. শিক্ষাৰ সমাৰ্থক শব্দ কি?
উত্তৰ: বিদ্যা, জ্ঞান, শিক্ষা, অধ্যয়ন।
11. অগ্নিৰ সমাৰ্থক শব্দ কি?
উত্তৰ: জুই, অনল, হোম, দাৱানল।
12. মাকৰ সমাৰ্থক শব্দ কি?
উত্তৰ: জননী, মাতৃ, আম্বা, ধাত্ৰী।
13. পুৰুষৰ সমাৰ্থক শব্দ কি?
উত্তৰ: নৰ, মনুষ্য, জন, আৰ্য।
14. পথৰ সমাৰ্থক শব্দ কি?
উত্তৰ: ৰাস্তা, পথ, ৰাজপথ, বাট।
15. আকাশৰ সমাৰ্থক শব্দ কি?
উত্তৰ: গগণ, ন্ভ, ব্যোম, আম্বৰ।
16. জীৱনৰ সমাৰ্থক শব্দ কি?
উত্তৰ: প্ৰাণ, সৰ্বস্ব, সত্তা, অস্তিত্ব।
17. শস্যৰ সমাৰ্থক শব্দ কি?
উত্তৰ: ধান্য, খাদ্য, বীজ, কৃষ্টি।
18. ফুলৰ সমাৰ্থক শব্দ কি?
উত্তৰ: কুসুম, পুষ্প, সুমন, ৰতি।
19. মৰণৰ সমাৰ্থক শব্দ কি?
উত্তৰ: মৃত্যু, পৰলোক, তিৰোধান, প্ৰয়াণ।
20. দুখৰ সমাৰ্থক শব্দ কি?
উত্তৰ: বেদনা, বিষাদ, ক্লেশ, বিষ।
Also Read: